Psalms 10

1হে যিহোৱা, তুমি কিয় দূৰৈত থিয় হৈ আছা?
সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
2অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;
তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
3দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;
লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।

4দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;

“ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”
তেওঁলোকৰ চিন্তাবোৰ এয়ে যে “ঈশ্বৰ বুলি কোনো নাই।”
5সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;
তোমাৰ ন্যায়বিচাৰ ইমান ওপৰত আছে যে,
সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;
তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।

6তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।

আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
7তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;
তেওঁলোকৰ জিবাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।

8গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;

সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দোষীক হত্যা কৰে;
কোনোবা অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
9তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;
তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;
তাৰপাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
10তেওঁলোকে চাপৰি কুঁজা হৈ
অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।

11তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;

তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
12হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;
নির্যাতিত সকলক পাহৰি নাযাবা।

13দুষ্ট লোকসকলে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?

তেওঁলোকে কিয় মনে মনে ভাৱে যে,
“তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
14কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;
অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,
তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;
অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;
অনাথক সহায় কৰোঁতা তুমিয়েইতো হয়।

15দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;

তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
16যিহোৱা চিৰকালৰ ৰজা;
তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।

17হে যিহোৱা, নম্র লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;

তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,
তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুণৰ ভয় দেখুৱাব নোৱাৰিব;
তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
18

Copyright information for AsmULB